শিশুৰ হাঁপানি(Asthma) ৰোগনো কি আৰু ইয়াৰ চিকিৎসাৰ পদ্ধতি কি ?- পিতৃ মাতৃ আৰু পৰিয়ালৰ লোক সকলক উদ্দেশ্যি লিখা এটা লেখনি:-
১। কেনেকৈ ইয়াৰ আৰাম্ভনি হয় :-
বেছিভাগ ক্ষেত্ৰতে নিৰৱেই এই ৰোগৰ আৰম্ভ হয়
-প্ৰথমে খুব নিঃশব্দে আৰম্ভণি হয় । দৰাচলতে বেছিভাগ ক্ষেত্ৰত শিশুটিৰ বিশেষ কিবা এটা সমস্যা হৈছে বুলি ভাবেই নহয় ।
যেনে:-
• খেলাধুলাৰ কৰা সময়ত বা খোৱাৰ সময়ত সামান্য কাঁহ হোৱা...
• ৰাতি ৰাতি শুকান কাঁহ হোৱা...
• একেধৰণৰ কাঁহ বাৰে বাৰে হোৱা ...
• অথবা অলপ খেলা ধূলা কৰিলেই ভাগৰি পৰা...
প্রথমে আমাৰ মনত ভাৱ আহে-
- বতৰ সলনি হোৱা বাবে হৈছে!
তাৰ পিছতেই, মৌ ৰস – বা
কাহঁৰ চিৰাপ, অ্যান্টিবায়টিক, বা নেবুলাইজাৰ এইবোৰ দি চিকিৎসাৰ আৰাম্ভনি হয় ।
প্ৰথমে কিছু উপকাৰ হয়... কিন্তু কিছুদিন পিছত আকৌ একেই ঘটনাৰ পুনৰাবৃত্তি হয় ।
২। যেতিয়া একেই সমস্যা বাৰেবাৰে দেখা দিয়ে
লাহে লাহে ৰোগৰ এটা নিৰ্দিষ্ট ধৰণ ধৰা পৰে :-
• কাঁহ ৰাতি বেছি হয় ।
• খেলা ধুলা কৰাৰ পিছত ,দৌৰিলে বা হাঁহিলে কাঁহ উঠে ।
• এবাৰ ভাল হৈ কিছুদিনৰ পিছত কাঁহ আকৌ হয় ।
• ঔষধ ব্যবহাৰ কৰিলে,কিছু উপসম হয় যদিও একেবাৰে ভাল নহয় ।
এইটো সাধাৰণ কাঁহ নহবও পাৰে ।
ই শিশু কালত হোৱা হাঁপানি ৰোগৰ আৰাম্ভনি হব পাৰে
—হাঁপানি ৰোগ বা Asthma ৰোগ শব্দটো শুনিবলৈ ভয় লগা চাগে বহুতৰে বাবে, কিন্তু ভয় নাখাব ।
কিয়নো ই বৰ্তমান সময়ৰ এটা বেছি ভাগ শিশুৰ শৰীৰত নিঃশব্দে হৈ থকা এটা ৰোগ যাক আমি সহজে নিয়ন্ত্রণ কৰিব পাৰোঁ আৰু শিশুটিক সম্পূৰ্ণ স্বাভাবিক জীৱন দিব পাৰোঁ।
কিয়নো ই এটা সম্পুৰ্ণ নিয়ন্ত্রণ কৰি ৰাখিব পৰা ৰোগ ।
ভাল দৰে চিকিৎসা কৰিলে এনে শিশুক সম্পুৰ্ণ ৰূপে স্বাভাৱিক জীৱন দিব পৰা যায় ।
৩। এনে ৰোগীৰ শৰীৰৰ ভিতৰত দৰাচলতে কি হয় নো ?
কিছু শিশুৰ শৰীৰতো ,বিশেষকৈ শ্বাসতন্ত্ৰ খুব সংবেদনশীল হয় ।
কেতিয়াবা কেতিয়াবা ধোৱা,ধুলা , ঠান্ডা বতাহ বা ভাইৰাছ সোমালেই শিশুৰ কোমল শ্বাসতন্ত্ৰৰ ভিতৰৰ সৰু সৰু শ্বাস নলীবোৰ ফুলি উঠে আৰু আকাৰত সৰু হৈ যায় ।
যাৰ ফলত শিশুটিৰ শৰীৰত তলত উল্লেখ কৰা লক্ষণসমূহ দেখা দিয়ে :-
• ৰাতি ৰাতি কাঁহ হোৱা বা উশাহত কষ্ট পোৱা ।
• বাৰে বাৰে কাঁহ হোৱা ।
• খেলাধুলাৰ সময়ত নিঃশ্বাসত কষ্ট পোৱা ।
• সহজেই ভাগৰি পৰা ।
• ৰাতি ভালকৈ টোপনি নোযোৱাৰ ফলত দিনত ভাগৰ অনুভৱ কৰা ।
-এয়া কোনো বীজাণুৰ সংক্ৰমণ নহয় বা সাধাৰণতে হোৱা দুৰ্বলতা নহয় ।
তেওঁলোকৰ শ্বাসতন্ত্ৰক মাথোঁ কিছু যত্নৰ প্ৰয়োজন ।
৪। শিশুৰ কাঁহ হোৱা মানেই হাঁপানি (Asthma)ৰোগ হোৱা নুবুজায় , ই বেলেগ ৰোগো হব পাৰে ।
যেনে:-
• খোৱা বস্তু পেঁটৰ পৰা উলটি আহি শ্বাসনলীত সোমাই হোৱা কাঁহ ।
• বা শ্বাসতন্ত্ৰৰ অন্য সমস্যা হোৱা ইত্যাদি ।
কিন্তু যদি:
• একে ধৰণৰ কাঁহ বাৰে বাৰে হয় আৰু
কাঁহটো শুকান হয় বা ৰাতি বেছি হয় ,
• শিশুটিয়ে খেলা ধূলা কৰিব মন নকৰা হয় বা খেলাধুলা এৰাই চলে,
• আৰু যদি হাঁপানি (Asthma)ৰোগৰ ঔষধে শিশুটিৰ ৰোগৰ উপসম ঘটোৱাত সহায় কৰে ,
-তেতিয়াহলে শিশুটিৰ ৰোগৰ কাৰণ হাঁপানি ৰোগ হব পাৰে বুলি চিকিৎসকে ধাৰণা কৰে ।
কিন্তু
যদি কাহোঁতে বা উশাহ লওঁতে বুকুৰ শব্দ হয় ,
যদি শিশুটি খুব কম বয়সৰ হয় আৰু ওজন কমে,
-তেতিয়াহলে Asthma নহবও পাৰে বুলি চিকিৎসকে ধাৰণা কৰি বেলেগ কাৰণৰ সন্ধান কৰে ।
৫। হাঁপানি (Asthma)ৰোগৰ চিকিৎসা ক্ষন্তেকিয়া চিকিৎসা নহয়,
- ই এটা যাত্রা
-বহুতেই ভাৱে যে কাঁহ আৰু উশাহৰ কষ্ট ভাল হোৱা মানেই হাঁপানি (Asthma)ৰোগ ভাল হোৱা !
আচলতে কথাটো তেনে ধৰণৰ নহয় ।
এনে ৰোগীৰ ৰোগৰ লক্ষ্যন নাথাকিলেও শ্বাস নলীৰ ভিতৰত আগতে কৈ অহাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি ঘটিয়েই থাকে ।
আৰু সেইকাৰণে এই ৰোগৰ চিকিৎসা বন্ধ কৰিব নালাগে।
ৰোগ নথকা অৰ্থাৎ শিশুটি ভালে থকা অৱস্থাটো অৱস্থাটো চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ৰোগ নিয়ন্ত্রণ কৰি ৰখা ঔষধ controller ইনহেলাৰ ব্যবহাৰ কৰি থকা উচিত ।
নিয়মিত controller মেডিসিন ব্যৱহাৰে
• শ্বাস তন্ত্ৰ সুস্ঠ আৰু সবল কৰি ৰাখে
• হঠাৎ হব পৰা বেমাৰ বিধ প্ৰতিৰোধ কৰাত সহায় কৰে
• শিশুটিৰ নিয়মিত কামকাজ যেনে স্কুল যোৱা ,খেলা ধূলা কৰা ইত্যাদি ভাল দৰে চলি থকাত সহায়তা কৰে ।
সেয়ে কওঁ এই ৰোগৰ চিকিৎসা মাথো এদিনৰ চিকিৎসা নহয়,
"ই নিয়মিত চিকিৎসাৰ এক যাত্রা "
৬। হাঁপানি(Asthma)ৰোগৰ চিকিৎসাৰ কাৰ্য্যকৰী পদ্ধতি সম্পৰ্কে যৎকিঞ্চিত :-
হাঁপানি(Asthma)ৰোগৰ চিকিৎসাত ইনহেলাৰ মেডিসিন ব্যৱহাৰেই হল আটাইকৈ সফল আৰু মান্যতা প্রাপ্ত চিকিৎসা চিকিৎসা ব্যৱস্থা ।
কাৰণ ই শ্বাসতন্ত্ৰ বা হাওঁফাওঁৰ ভিতৰত ঔষধ প্ৰত্যক্ষভাৱে যোৱাত সহায় কৰে ।
গতিকে ঔষধৰ পৰিমাণ যথেষ্ট কম লাগে আৰু
তাৰ পাৰ্শ্ব ক্ৰিয়াও নাই ।
ইনহেলাৰ মেডিসিন সম্পৰ্কে বহুতৰ কিছুমান ভ্রান্ত ধাৰণা আছে । যেনে:-
• ইনহেলাৰ ব্যৱহাৰ শিশুৰ কাৰণে ক্ষতিকাৰক আৰু ই বৰ কাঢ়া ঔষধ ।
• এবাৰ ললে লৈয়ে থাকিব লাগিব
• নেবুলাইজাৰ ব্যবহাৰ বেছি ভাল
বাস্তৱ — ইনহেলাৰ ব্যবহাৰ সমগ্ৰ বিশ্বজুৰি ব্যবহৃত এক নিৰাপদ আৰ কার্যকৰী চিকিৎসা ব্যবস্থা । ইয়াৰ পাৰ্শ্ব ক্ৰিয়া খুব কম ।
(Asthma)হাঁপানি ৰোগৰ চিকিৎসা -কাঁহ ছিৰাপ
এন্টিবায়টিক ,নেবুলাইজাৰ দি কৰা নহয় ।
নেবুলাইজাৰ এক আপাতকালীন চিকিৎসা ব্যবস্থা
-যদি ৰোগীৰ উশাহত কষ্ট হয় আৰু অক্সিজেন কমি যায় তেনেক্ষেত্ৰত অক্সিজেনৰ সৈতে নেবুলাইজাৰ ব্যৱহাৰ কৰা হয়।
নিয়মিত নেবুলাইজাৰ ব্যৱহাৰ ক্ষতিকাৰক কাৰণ এনে কৰিলে ৰোগৰ প্ৰকোপ আৰু বাঢ়িব পাৰে ।
নিয়মিত ব্যবহাৰৰ বাবে ইনহেলাৰ মেডিসিন উপযোগী,
নেবুলাইজাৰ নহয় ।
বয়স অনুযায়ী স্পেসাৰ (এটা প্লাস্টিকৰ নলী) আৰু মাস্ক(ৰবৰৰ মুখত লোৱা ঢাকনি)ৰ সৈতে ব্যবহাৰ কৰিলে ইনহেলাৰ ব্যবহাৰৰ ফলাফল আৰু ভাল হয়।
৭। ইনহেলাৰ সঠিকভাবে ব্যবহাৰ কৰাটোৱেই মূল কথা:-
চিকিৎসাৰ সফলতা নিৰ্ভৰ কৰে ৰোগীয়ে কিদৰে ইনহেলাৰ ব্যবহাৰ কৰিছে ।
ভালদৰে ইনহেলাৰ ব্যবহাৰ নকৰিলে হাওঁফাওঁৰ নিৰ্দিষ্ট ঠাইলৈ ঔষধ নাযাব আৰু ৰোগ নিয়ন্ত্ৰণত ই বাধা দিব ।
সেইকাৰণে চিকিৎসকে নিৰ্দিষ্ট সময়ৰ বিৰতিত বা প্ৰয়োজন সাপেক্ষে আকৌ পৰীক্ষা কৰে:-
•ৰোগীয়ে ইনহেলাৰ ভালদৰে ব্যৱহাৰ কৰিছে নে নাই?
• ইনহেলাৰ টোৰ ঔষধ শেষ হল নে আছে ?
• স্পেসাৰতো পৰিষ্কাৰ হৈ আছে নে আৰু ই ভালদৰে কাম কৰি আছে নে নাই ?
পৰামৰ্শ: ইনহেলাৰ আৰু স্পেসাৰ প্ৰতিবাৰেই চিকিত্সকৰ ওচৰলৈ আহোঁতে লৈ অহাটো অত্যন্ত জৰুৰী কথা।
৮। সৰু সৰু শিশুসকলৰ ক্ষেত্ৰত :-
৫ বছৰৰ তলৰ শিশুবোৰ বতৰ সলনিৰ লগে লগে প্ৰায়েই ঠাণ্ডা লগা কাঁহ হোৱা বা উশাহত কষ্ট পোৱা দেখা যায় ।
সকলো ক্ষেত্ৰতে হাঁপানি(Asthma)নহবও পাৰে ।
যদি প্ৰয়োজন হয় চিকিৎসকে পৰীক্ষামুলক ভাৱে হাঁপানীৰ (Asthma) ঔষধ দি চাই।
• যদি উপকাৰ হয় — সেই চিকিৎসা কিছুদিনৰ বাবে চলাই যোৱা হয় আৰু তাৰ নিৰ্দিষ্ট পদ্ধতি আছে ।
• আৰু যদি উপকাৰ নহয় —তেন্তে চিকিৎসকে ৰোগৰ অন্য কাৰণ বিচাৰে ।
এই ব্যৱস্থাতো অতি ফলদায়ক আৰু ই ৰোগীৰ সঠিক সময়ত সঠিক চিকিৎসাত সহায় কৰে ।
৯। যদি চিকিৎসাই ভাল দৰে কাম কৰে:-
-শিশুটিৰ জীৱনও সলনি হয় ।
যদি চিকিৎসাই ভালদৰে কাম কৰা আৰম্ভ কৰে তেন্তে আমি দেখিম :-
• শিশুটি ভালদৰে শুইছে ,
• কাঁহ কমিছে ,
• আকৌ হাঁহিছে, আকৌ খেলিছে, দৌৰিছে আৰু
• লগতে তাৰ আত্মবিশ্বাসো বাঢ়িছে ।
সদায় মনত ৰাখিব — উপসর্গবোৰ কমা মানেই ৰোগ নাইকিয়া হোৱাটো নুবুজায় ।
ভালে থকা অৱস্থাটো চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসা চলি থাকিব আৰু সেইটোৱেই নিয়ম ।
১০। নিয়মিত ভাবে চিকিৎসকক দেখুৱাই থকাটো অত্যন্ত জৰুৰী :-
বয়স, ঋতু, বা ভাইৰাছৰ সংক্রমণ অনুযায়ী হাঁপানি ৰোগৰ সময় সুচিৰ সলনি হৈ থাকে।
সেইকাৰণে চিকিৎসকে মাজে মাজে চাই থকাটো প্ৰয়োজনীয় ।
প্ৰতিবাৰেই চিকিৎসকে চাব :-
• উপসর্গ বোৰ কমিছেনে বাঢ়িছে !
• ইনহেলাৰ সঠিকভাবে ব্যবহাৰ কৰা হৈছে নে নাই ?
• ঔষধৰ মাত্ৰা কমাব বা বঢ়াবৰ প্ৰয়োজন হৈছে নেকি ?
অলপ ডাঙৰ শিশুৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে(PEFR,spriometry বা oscillometry PEFR) যন্ত্ৰৰ দ্বাৰা হাওঁফাওঁৰ স্বাস্থ্য পৰীক্ষা কৰি চাই ।
কেতিয়াবা প্ৰয়োজন হলে ৰোগৰ কাৰক বিচাৰি allergy পৰীক্ষা কৰা হয় ।
১১। হাঁপানিৰ উপসর্গ বোৰ বঢ়োৱাৰ কাৰণ সমূহ কিনো ?
নিম্নলিখিত কাৰক সমূহে হাঁপানিৰ উপসর্গ বা লক্ষণ সমূহ বঢ়াব পাৰে:
• ধুলা, ধোঁৱা, আগৰবাতি, মহ খেদা যন্ত্ৰৰ ধোৱা,
• হঠাৎ অহা ঠান্ডা বতাহ জাক ,
• পাৰফিউম বা স্প্রে,
• বেছিকৈ কন্দা বা শাৰিৰীক কষ্ট বা খং উঠা ইত্যাদি।
গতিকে এই কাৰণ সমূহৰ পৰা আতৰি থকা উচিত —কিন্তু সেইবোৰ স্থায়ী সমাধান নহয় ।
১২। কিছুমান ভাল অভ্যাসে হাওঁফাওঁৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে:-
• সদায় ঘৰত ৰন্ধা খাদ্য খোৱা
• নিয়মিত খেলা-ধুলা কৰা
• যথেষ্ট পৰিমাণে ফলমূল খোৱা
• যোগাভ্যাস কৰা
• সদায় ভাল টোপনি যোৱা
• ধূম্ৰপাণ ঘৰৰ ভিতৰত নিষিদ্ধ কৰা
• চিকিৎসকৰ পৰামৰ্শ সঠিক ভাৱে মানি চলা
এই ভাল অভ্যাসবোৰ শিশুটি আৰু শিশুটিৰ শ্বাসতন্ত্ৰ ভালে ৰখাৰ বাবে অতি প্ৰয়োজনীয় ।
সংক্ষেপতে কবলৈ …
শিশুসকলৰ হাঁপানী ৰোগ খুব নিৰৱে আৰম্ভ হয় ।
আমি যদি তাৰ সঠিক সময়ত ধৰা পেলাব পাৰো আৰু সঠিক সময়ত সঠিক চিকিৎসা দিব পাৰোঁ তেতিয়াহলে আমাৰ সন্তানেও :-
-ৰাতি ভালদৰে শুব পাৰিব ,
-দৌৰিব ,খাব, হাঁহিব ,
-আৰু এটা আত্মবিশ্বাসৰ সৈতে ডাঙৰ হব ।
হাঁপানি ( Asthma)ৰোগ আপোনাৰ শিশুটিৰ শাৰীৰিক দুৰ্বলতা নহয়। মাথো আপোনাৰ শিশুটিৰ কণমানি হাওঁফাওঁ টোৰ কিছু যত্নৰ প্ৰয়োজন।
আকৌ কওঁ -শিশুকালৰ বাৰে বাৰে হৈ থকা কাঁহটোক অৱহেলা নকৰিব ।
---------------------------------------------------
প্ৰতিজন ৰোগীয়ে জনা উচিত
• হাঁপানি বা এস্থমা এটা দীঘলীয়া ৰোগ — লক্ষণ নাথাকিলেও দৈনিক ঔষধ ল’ব লাগিব।
• ইনহেলাৰ সঠিকভাৱে ব্যৱহাৰ কৰকঃ
– ব্যৱহাৰ কৰাৰ আগতে ভালদৰে Inhaler টো হাতেৰে জোকাৰি ল’ব।
– স্পেচাৰৰ সৈতে ব্যৱহাৰ কৰক।
– ইনহেলাৰ ব্যৱহাৰ কৰাৰ পিছত মুখৰ ভিতৰখন ভালদৰে পানীৰে কুলকুলি কৰিব।
• 'Controller' মানে দৈনিক ৰোগ ৰোধ কৰা ঔষধ।
• 'Reliever' মানে কেৱল লক্ষণ হ’লে ল’বলগীয়া ঔষধ।
• চিকিৎসকৰ পৰামৰ্শ নোহোৱালৈকে Controller মেডিসিন বন্ধ নকৰিব
• ট্ৰিগাৰ (ৰোগৰ কাৰক)এৰাই চলকঃ
- ধূলি, ধোঁৱা, ঠাণ্ডা বতাহ,
- বেছি বা উত্কট গোন্ধ থকা বস্তু যেনে।
perfumes,ধূপকাঠি ,
- জীৱ-জন্তু, ফুলৰ ৰেণু,
- মহ খেদাত ঘৰত বেৱহাৰ কৰা ইলেকট্রিক mosquito repellant ।
• নিম্নলিখিত সংকেতবোৰ লক্ষ্য ৰাখকঃ
– ৰাতি কাঁহ বেছিকৈ হোৱা
– দৈনন্দিন ক্ৰিয়াকলাপত হ্ৰাস
– Reliever ইনহেলাৰৰ প্ৰয়োজন বাঢ়ি যোৱা
• পৰামৰ্শৰ সময়ত দিয়া Asthma Action Plan অনুসৰণ কৰক।
• স্পেচাৰ সপ্তাহত এবাৰ চলি থকা পানীত ধুই ল’ব।
– ভিতৰৰ ফালে হাত নলাগাব।
– ৰ’দত শুকুৱাব।
• ইনহেলাৰৰ dose counter টো পৰীক্ষা কৰক।
– ৪০ বা তাৰ তলত দেখিলে Inhaler টো সলনি কৰক।
• প্ৰতি বছৰে টিকাকৰণ কৰক
– (ফ্লু আৰু নিউমোকক্কেল vaccine যদি পৰামৰ্শ দিয়া হয়)।
• Nebulizer ব্যৱহাৰ নকৰিব।
• প্ৰতি ১–৩ মাহত ফলো-আপ চেক-আপ কৰক যাতে চিকিৎসা পৰিৱর্তন কৰিব পাৰি।
• প্ৰতি বাৰ ফলো-আপত আপোনাৰ সকলো ঔষধ, ইনহেলাৰ আৰু ডিভাইচ লৈ আহক।
• ৰোগৰ নিয়ন্ত্ৰণ পৰ্যবেক্ষণ আৰু চিকিৎসা সঠিকভাৱে ঠিক কৰিবলৈ
– Lung Function Test (PEFR,Spirometry বা lung oscillometry) কৰা হয়।
• দীঘলীয়া ভাবে ৰোগ নিয়ন্ত্রণ আৰু ঔষধৰ প্ৰয়োজন হ্ৰাস কৰিবলৈ
- Allergen Immunotherapy নিৰ্বাচিত এলাৰ্জিক ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে ।
ধন্যবাদ
ডাঃ দ্বীৱন বৰা
নগাঁও
অসম
Comments
Adv.Bashirul
Posted on: August 10,2025 Published
Thank you so much for giving good information..My child is at now in good condition after taking your suggestions as well medications..Thanx again
ৰাজীৱ কুমাৰ মহন্ত
Posted on: December 02,2025 Published
সুন্দৰ
Rowien Imtiyas
Posted on: February 03,2026 Published
Sir!Your advice is better than medicine . Thank you sir
ziaur Rahman
Posted on: February 14,2026 Published
Very good.
Add a Comment