Back to Blogs

নিশ্বাসৰ ছন্দত শিশুৰ হাঁপানি(Asthma) ৰোগনো কি আৰু ইয়াৰ চিকিৎসাৰ পদ্ধতি কি ?- পিতৃ মাতৃ আৰু পৰিয়ালৰ লোক সকলক উদ্দেশ্যি লিখা এটা লেখনি:- ১। কেনেকৈ ইয়াৰ আৰাম্ভনি হয় :- বেছিভাগ ক্ষেত্ৰতে নিৰৱেই এই ৰোগৰ আৰম্ভ হয় -প্ৰথমে খুব নিঃশব্দে আৰম্ভণি হয় । দৰাচলত

https://d2vvc091k8tmib.cloudfront.net/s3fs-public/2025-08/WhatsApp%20Image%202025-08-06%20at%2015.40.47_3aa99cf5.jpg

 

শিশুৰ হাঁপানি(Asthma) ৰোগনো  কি আৰু ইয়াৰ চিকিৎসাৰ   পদ্ধতি কি ?- পিতৃ মাতৃ আৰু পৰিয়ালৰ লোক সকলক উদ্দেশ্যি লিখা এটা লেখনি:-

১। কেনেকৈ ইয়াৰ আৰাম্ভনি হয় :-

বেছিভাগ ক্ষেত্ৰতে নিৰৱেই এই ৰোগৰ আৰম্ভ হয়

-প্ৰথমে খুব নিঃশব্দে আৰম্ভণি হয় । দৰাচলতে বেছিভাগ ক্ষেত্ৰত শিশুটিৰ বিশেষ কিবা এটা সমস্যা হৈছে বুলি ভাবেই নহয় ।
যেনে:-

• খেলাধুলাৰ কৰা সময়ত বা খোৱাৰ সময়ত সামান্য  কাঁহ হোৱা...
• ৰাতি ৰাতি শুকান কাঁহ হোৱা...
• একেধৰণৰ কাঁহ বাৰে বাৰে হোৱা ...
• অথবা অলপ খেলা ধূলা কৰিলেই ভাগৰি পৰা...

প্রথমে আমাৰ মনত ভাৱ আহে-

- বতৰ সলনি হোৱা বাবে হৈছে!

তাৰ পিছতেই, মৌ ৰস – বা 
কাহঁৰ চিৰাপ, অ্যান্টিবায়টিক, বা নেবুলাইজাৰ এইবোৰ দি চিকিৎসাৰ আৰাম্ভনি হয় ।
প্ৰথমে কিছু উপকাৰ হয়... কিন্তু কিছুদিন পিছত আকৌ একেই ঘটনাৰ পুনৰাবৃত্তি হয় ।

২। যেতিয়া একেই সমস্যা বাৰেবাৰে দেখা দিয়ে 
লাহে লাহে ৰোগৰ এটা নিৰ্দিষ্ট ধৰণ ধৰা পৰে :-

• কাঁহ ৰাতি বেছি হয় ।
•  খেলা ধুলা কৰাৰ পিছত ,দৌৰিলে বা হাঁহিলে কাঁহ উঠে ।
• এবাৰ ভাল হৈ কিছুদিনৰ পিছত কাঁহ আকৌ হয় ।
•  ঔষধ ব্যবহাৰ কৰিলে,কিছু উপসম হয় যদিও একেবাৰে ভাল নহয় ।

এইটো সাধাৰণ কাঁহ নহবও পাৰে ।

ই শিশু কালত হোৱা হাঁপানি ৰোগৰ আৰাম্ভনি হব পাৰে

—হাঁপানি ৰোগ বা Asthma ৰোগ শব্দটো শুনিবলৈ ভয়  লগা চাগে বহুতৰে বাবে, কিন্তু ভয় নাখাব  ।

কিয়নো  ই বৰ্তমান সময়ৰ এটা বেছি ভাগ শিশুৰ শৰীৰত নিঃশব্দে হৈ থকা এটা ৰোগ যাক আমি সহজে নিয়ন্ত্রণ কৰিব পাৰোঁ আৰু শিশুটিক সম্পূৰ্ণ স্বাভাবিক জীৱন দিব পাৰোঁ।  

কিয়নো ই এটা সম্পুৰ্ণ নিয়ন্ত্রণ কৰি ৰাখিব পৰা ৰোগ ।

ভাল দৰে চিকিৎসা কৰিলে এনে শিশুক সম্পুৰ্ণ ৰূপে স্বাভাৱিক জীৱন দিব পৰা যায় ।

৩।  এনে ৰোগীৰ শৰীৰৰ ভিতৰত দৰাচলতে কি হয় নো ?

কিছু শিশুৰ শৰীৰতো ,বিশেষকৈ শ্বাসতন্ত্ৰ  খুব সংবেদনশীল হয় ।

কেতিয়াবা কেতিয়াবা  ধোৱা,ধুলা , ঠান্ডা বতাহ বা ভাইৰাছ সোমালেই শিশুৰ কোমল শ্বাসতন্ত্ৰৰ ভিতৰৰ সৰু সৰু শ্বাস নলীবোৰ ফুলি উঠে আৰু আকাৰত  সৰু হৈ যায় ।
যাৰ ফলত শিশুটিৰ শৰীৰত তলত উল্লেখ কৰা লক্ষণসমূহ দেখা দিয়ে :-

• ৰাতি ৰাতি কাঁহ হোৱা বা উশাহত কষ্ট পোৱা ।
•  বাৰে বাৰে কাঁহ হোৱা ।
• খেলাধুলাৰ সময়ত নিঃশ্বাসত কষ্ট পোৱা ।
• সহজেই ভাগৰি পৰা ।
• ৰাতি ভালকৈ টোপনি নোযোৱাৰ  ফলত দিনত  ভাগৰ অনুভৱ কৰা ।

-এয়া কোনো বীজাণুৰ সংক্ৰমণ নহয় বা সাধাৰণতে হোৱা দুৰ্বলতা নহয় ।

তেওঁলোকৰ শ্বাসতন্ত্ৰক মাথোঁ কিছু যত্নৰ প্ৰয়োজন ।

৪। শিশুৰ কাঁহ হোৱা মানেই  হাঁপানি (Asthma)ৰোগ হোৱা নুবুজায়  , ই বেলেগ ৰোগো হব পাৰে ।
যেনে:-

• খোৱা বস্তু পেঁটৰ পৰা উলটি আহি  শ্বাসনলীত সোমাই হোৱা কাঁহ ।
• বা শ্বাসতন্ত্ৰৰ অন্য সমস্যা হোৱা ইত্যাদি ।

কিন্তু যদি:

• একে ধৰণৰ কাঁহ  বাৰে বাৰে হয় আৰু
কাঁহটো শুকান হয় বা ৰাতি বেছি হয় ,

•  শিশুটিয়ে খেলা ধূলা কৰিব  মন নকৰা হয় বা খেলাধুলা এৰাই চলে,

• আৰু যদি হাঁপানি (Asthma)ৰোগৰ ঔষধে শিশুটিৰ ৰোগৰ উপসম ঘটোৱাত সহায় কৰে ,

-তেতিয়াহলে শিশুটিৰ ৰোগৰ কাৰণ হাঁপানি ৰোগ হব পাৰে বুলি চিকিৎসকে ধাৰণা কৰে ।

কিন্তু

যদি কাহোঁতে বা উশাহ লওঁতে  বুকুৰ শব্দ হয় ,
যদি শিশুটি খুব কম বয়সৰ হয় আৰু ওজন কমে,

-তেতিয়াহলে Asthma নহবও পাৰে বুলি চিকিৎসকে ধাৰণা কৰি বেলেগ কাৰণৰ সন্ধান কৰে ।

৫। হাঁপানি (Asthma)ৰোগৰ চিকিৎসা  ক্ষন্তেকিয়া চিকিৎসা নহয়,

- ই এটা যাত্রা

-বহুতেই ভাৱে যে কাঁহ আৰু উশাহৰ কষ্ট ভাল হোৱা মানেই হাঁপানি (Asthma)ৰোগ ভাল হোৱা !

আচলতে কথাটো তেনে ধৰণৰ নহয় ।

এনে ৰোগীৰ ৰোগৰ লক্ষ্যন নাথাকিলেও শ্বাস নলীৰ ভিতৰত আগতে কৈ অহাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি ঘটিয়েই থাকে ।

আৰু সেইকাৰণে এই ৰোগৰ চিকিৎসা বন্ধ কৰিব নালাগে।

ৰোগ নথকা অৰ্থাৎ শিশুটি ভালে থকা অৱস্থাটো অৱস্থাটো চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ৰোগ নিয়ন্ত্রণ কৰি ৰখা ঔষধ controller  ইনহেলাৰ ব্যবহাৰ কৰি থকা উচিত ।

নিয়মিত controller মেডিসিন ব্যৱহাৰে

•  শ্বাস তন্ত্ৰ সুস্ঠ আৰু সবল কৰি ৰাখে 
• হঠাৎ হব পৰা বেমাৰ বিধ প্ৰতিৰোধ কৰাত সহায় কৰে 
•  শিশুটিৰ নিয়মিত কামকাজ যেনে স্কুল যোৱা ,খেলা ধূলা কৰা ইত্যাদি ভাল দৰে চলি থকাত সহায়তা কৰে ।

সেয়ে কওঁ এই ৰোগৰ চিকিৎসা মাথো এদিনৰ চিকিৎসা নহয়,

"ই নিয়মিত চিকিৎসাৰ এক যাত্রা "

৬। হাঁপানি(Asthma)ৰোগৰ চিকিৎসাৰ কাৰ্য্যকৰী পদ্ধতি সম্পৰ্কে যৎকিঞ্চিত :-

হাঁপানি(Asthma)ৰোগৰ চিকিৎসাত ইনহেলাৰ মেডিসিন ব্যৱহাৰেই হল আটাইকৈ সফল আৰু মান্যতা প্রাপ্ত চিকিৎসা চিকিৎসা ব্যৱস্থা  ।

কাৰণ ই শ্বাসতন্ত্ৰ বা হাওঁফাওঁৰ ভিতৰত ঔষধ প্ৰত্যক্ষভাৱে যোৱাত সহায় কৰে  ।

গতিকে ঔষধৰ পৰিমাণ যথেষ্ট কম লাগে আৰু 
তাৰ পাৰ্শ্ব  ক্ৰিয়াও নাই ।

ইনহেলাৰ মেডিসিন সম্পৰ্কে বহুতৰ কিছুমান ভ্রান্ত ধাৰণা আছে । যেনে:-

• ইনহেলাৰ  ব্যৱহাৰ শিশুৰ কাৰণে ক্ষতিকাৰক আৰু ই বৰ কাঢ়া ঔষধ ।
• এবাৰ ললে লৈয়ে থাকিব লাগিব 
• নেবুলাইজাৰ ব্যবহাৰ বেছি ভাল

বাস্তৱ — ইনহেলাৰ ব্যবহাৰ সমগ্ৰ বিশ্বজুৰি ব্যবহৃত এক নিৰাপদ আৰ কার্যকৰী চিকিৎসা ব্যবস্থা । ইয়াৰ পাৰ্শ্ব ক্ৰিয়া খুব কম ।

(Asthma)হাঁপানি ৰোগৰ চিকিৎসা -কাঁহ ছিৰাপ
এন্টিবায়টিক ,নেবুলাইজাৰ দি কৰা নহয় ।

নেবুলাইজাৰ এক আপাতকালীন চিকিৎসা ব্যবস্থা

-যদি ৰোগীৰ উশাহত কষ্ট হয় আৰু অক্সিজেন কমি যায় তেনেক্ষেত্ৰত অক্সিজেনৰ সৈতে নেবুলাইজাৰ ব্যৱহাৰ  কৰা হয়।

নিয়মিত  নেবুলাইজাৰ ব্যৱহাৰ ক্ষতিকাৰক কাৰণ এনে কৰিলে ৰোগৰ প্ৰকোপ আৰু বাঢ়িব পাৰে ।

নিয়মিত ব্যবহাৰৰ বাবে ইনহেলাৰ মেডিসিন উপযোগী,
নেবুলাইজাৰ নহয় ।

বয়স অনুযায়ী স্পেসাৰ (এটা প্লাস্টিকৰ নলী) আৰু মাস্ক(ৰবৰৰ মুখত লোৱা ঢাকনি)ৰ সৈতে ব্যবহাৰ কৰিলে ইনহেলাৰ ব্যবহাৰৰ ফলাফল আৰু ভাল হয়।

৭। ইনহেলাৰ সঠিকভাবে ব্যবহাৰ কৰাটোৱেই মূল কথা:-

চিকিৎসাৰ সফলতা নিৰ্ভৰ কৰে ৰোগীয়ে কিদৰে ইনহেলাৰ ব্যবহাৰ কৰিছে ।
ভালদৰে ইনহেলাৰ ব্যবহাৰ নকৰিলে হাওঁফাওঁৰ নিৰ্দিষ্ট ঠাইলৈ ঔষধ নাযাব আৰু ৰোগ নিয়ন্ত্ৰণত ই বাধা দিব ।

সেইকাৰণে চিকিৎসকে নিৰ্দিষ্ট সময়ৰ বিৰতিত বা প্ৰয়োজন সাপেক্ষে আকৌ পৰীক্ষা কৰে:-

•ৰোগীয়ে ইনহেলাৰ  ভালদৰে ব্যৱহাৰ কৰিছে নে নাই? 
• ইনহেলাৰ টোৰ ঔষধ শেষ হল নে আছে ?
• স্পেসাৰতো পৰিষ্কাৰ হৈ আছে নে আৰু ই ভালদৰে কাম কৰি আছে নে নাই ?

পৰামৰ্শ: ইনহেলাৰ আৰু স্পেসাৰ প্ৰতিবাৰেই চিকিত্সকৰ ওচৰলৈ আহোঁতে লৈ অহাটো অত্যন্ত জৰুৰী কথা।

৮। সৰু সৰু শিশুসকলৰ ক্ষেত্ৰত :-

৫ বছৰৰ তলৰ শিশুবোৰ বতৰ সলনিৰ  লগে লগে প্ৰায়েই ঠাণ্ডা লগা কাঁহ হোৱা বা উশাহত কষ্ট পোৱা দেখা যায় ।

সকলো ক্ষেত্ৰতে হাঁপানি(Asthma)নহবও পাৰে ।
যদি প্ৰয়োজন হয় চিকিৎসকে পৰীক্ষামুলক ভাৱে হাঁপানীৰ (Asthma) ঔষধ দি চাই।

• যদি উপকাৰ হয় — সেই চিকিৎসা কিছুদিনৰ বাবে চলাই যোৱা হয় আৰু তাৰ নিৰ্দিষ্ট পদ্ধতি আছে ।

• আৰু যদি উপকাৰ নহয় —তেন্তে চিকিৎসকে ৰোগৰ অন্য কাৰণ বিচাৰে ।

এই ব্যৱস্থাতো অতি ফলদায়ক আৰু ই ৰোগীৰ সঠিক সময়ত সঠিক চিকিৎসাত সহায় কৰে ।

৯।  যদি চিকিৎসাই ভাল দৰে কাম কৰে:-

-শিশুটিৰ জীৱনও সলনি হয়  ।

যদি চিকিৎসাই ভালদৰে কাম কৰা আৰম্ভ কৰে তেন্তে আমি দেখিম :-

• শিশুটি ভালদৰে শুইছে ,
• কাঁহ কমিছে ,
• আকৌ হাঁহিছে, আকৌ খেলিছে, দৌৰিছে আৰু 
•  লগতে তাৰ আত্মবিশ্বাসো বাঢ়িছে ।

সদায় মনত ৰাখিব — উপসর্গবোৰ কমা মানেই ৰোগ নাইকিয়া হোৱাটো নুবুজায়  ।

ভালে থকা অৱস্থাটো চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসা চলি থাকিব আৰু সেইটোৱেই নিয়ম ।

১০।  নিয়মিত ভাবে চিকিৎসকক দেখুৱাই থকাটো অত্যন্ত জৰুৰী :-

বয়স, ঋতু, বা ভাইৰাছৰ সংক্রমণ অনুযায়ী হাঁপানি ৰোগৰ সময় সুচিৰ সলনি হৈ থাকে।

সেইকাৰণে চিকিৎসকে মাজে মাজে চাই থকাটো প্ৰয়োজনীয় ।

প্ৰতিবাৰেই চিকিৎসকে চাব :-

• উপসর্গ  বোৰ কমিছেনে বাঢ়িছে !
• ইনহেলাৰ সঠিকভাবে ব্যবহাৰ কৰা হৈছে নে নাই ?
•  ঔষধৰ মাত্ৰা কমাব বা বঢ়াবৰ প্ৰয়োজন হৈছে নেকি ?

অলপ ডাঙৰ শিশুৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে(PEFR,spriometry বা oscillometry PEFR) যন্ত্ৰৰ দ্বাৰা হাওঁফাওঁৰ স্বাস্থ্য পৰীক্ষা কৰি চাই ।
কেতিয়াবা প্ৰয়োজন হলে ৰোগৰ কাৰক বিচাৰি allergy পৰীক্ষা কৰা হয় ।

১১। হাঁপানিৰ উপসর্গ বোৰ বঢ়োৱাৰ কাৰণ সমূহ কিনো ?

নিম্নলিখিত কাৰক সমূহে হাঁপানিৰ উপসর্গ বা লক্ষণ সমূহ বঢ়াব পাৰে:

• ধুলা, ধোঁৱা, আগৰবাতি, মহ খেদা যন্ত্ৰৰ ধোৱা,
• হঠাৎ  অহা ঠান্ডা বতাহ জাক ,
• পাৰফিউম বা স্প্রে,
• বেছিকৈ কন্দা বা শাৰিৰীক কষ্ট বা খং উঠা ইত্যাদি।

গতিকে এই কাৰণ সমূহৰ পৰা আতৰি থকা উচিত —কিন্তু সেইবোৰ স্থায়ী সমাধান নহয় ।

১২। কিছুমান ভাল অভ্যাসে হাওঁফাওঁৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে:-

• সদায় ঘৰত ৰন্ধা খাদ্য খোৱা 
• নিয়মিত খেলা-ধুলা কৰা 
• যথেষ্ট পৰিমাণে ফলমূল খোৱা 
• যোগাভ্যাস কৰা 
• সদায় ভাল টোপনি যোৱা 
• ধূম্ৰপাণ ঘৰৰ ভিতৰত নিষিদ্ধ কৰা 
• চিকিৎসকৰ পৰামৰ্শ সঠিক ভাৱে মানি চলা

এই ভাল অভ্যাসবোৰ  শিশুটি আৰু শিশুটিৰ শ্বাসতন্ত্ৰ ভালে ৰখাৰ বাবে অতি প্ৰয়োজনীয় ।

সংক্ষেপতে কবলৈ …

শিশুসকলৰ হাঁপানী ৰোগ খুব নিৰৱে আৰম্ভ হয় ।

আমি যদি তাৰ সঠিক সময়ত ধৰা পেলাব পাৰো আৰু সঠিক সময়ত সঠিক চিকিৎসা দিব পাৰোঁ তেতিয়াহলে আমাৰ সন্তানেও :-

-ৰাতি ভালদৰে শুব পাৰিব ,
-দৌৰিব ,খাব, হাঁহিব ,
-আৰু এটা আত্মবিশ্বাসৰ সৈতে ডাঙৰ হব ।

হাঁপানি ( Asthma)ৰোগ আপোনাৰ শিশুটিৰ শাৰীৰিক দুৰ্বলতা নহয়। মাথো আপোনাৰ শিশুটিৰ কণমানি হাওঁফাওঁ টোৰ কিছু যত্নৰ প্ৰয়োজন।  

আকৌ কওঁ -শিশুকালৰ বাৰে বাৰে হৈ থকা কাঁহটোক অৱহেলা নকৰিব ।

---------------------------------------------------

প্ৰতিজন ৰোগীয়ে জনা উচিত 
 

• হাঁপানি বা এস্থমা এটা দীঘলীয়া ৰোগ — লক্ষণ নাথাকিলেও দৈনিক ঔষধ ল’ব লাগিব।

• ইনহেলাৰ সঠিকভাৱে ব্যৱহাৰ কৰকঃ

– ব্যৱহাৰ কৰাৰ আগতে ভালদৰে Inhaler টো হাতেৰে জোকাৰি ল’ব।
– স্পেচাৰৰ সৈতে ব্যৱহাৰ কৰক।
– ইনহেলাৰ ব্যৱহাৰ কৰাৰ পিছত মুখৰ ভিতৰখন ভালদৰে পানীৰে কুলকুলি কৰিব।

• 'Controller' মানে দৈনিক ৰোগ ৰোধ কৰা ঔষধ।

• 'Reliever' মানে কেৱল লক্ষণ হ’লে ল’বলগীয়া ঔষধ।

• চিকিৎসকৰ পৰামৰ্শ নোহোৱালৈকে Controller মেডিসিন বন্ধ নকৰিব

• ট্ৰিগাৰ (ৰোগৰ কাৰক)এৰাই চলকঃ

 -  ধূলি, ধোঁৱা, ঠাণ্ডা বতাহ, 
 -  বেছি বা উত্কট গোন্ধ থকা বস্তু যেনে।   
perfumes,ধূপকাঠি ,
 -  জীৱ-জন্তু, ফুলৰ ৰেণু,
 -  মহ খেদাত ঘৰত বেৱহাৰ কৰা ইলেকট্রিক mosquito repellant ।

• নিম্নলিখিত সংকেতবোৰ লক্ষ্য ৰাখকঃ

– ৰাতি কাঁহ বেছিকৈ হোৱা
– দৈনন্দিন ক্ৰিয়াকলাপত হ্ৰাস
– Reliever ইনহেলাৰৰ প্ৰয়োজন বাঢ়ি যোৱা

• পৰামৰ্শৰ সময়ত দিয়া Asthma Action Plan অনুসৰণ কৰক।

• স্পেচাৰ সপ্তাহত এবাৰ চলি থকা পানীত ধুই ল’ব।

– ভিতৰৰ ফালে হাত নলাগাব।
– ৰ’দত শুকুৱাব।

• ইনহেলাৰৰ dose counter টো পৰীক্ষা কৰক।

– ৪০ বা তাৰ তলত দেখিলে Inhaler টো সলনি কৰক।

• প্ৰতি বছৰে টিকাকৰণ কৰক

– (ফ্লু আৰু নিউমোকক্কেল vaccine যদি পৰামৰ্শ দিয়া হয়)।

• Nebulizer ব্যৱহাৰ নকৰিব।

• প্ৰতি ১–৩ মাহত ফলো-আপ চেক-আপ কৰক যাতে চিকিৎসা পৰিৱর্তন কৰিব পাৰি।

• প্ৰতি বাৰ ফলো-আপত আপোনাৰ সকলো ঔষধ, ইনহেলাৰ আৰু ডিভাইচ লৈ আহক।

• ৰোগৰ নিয়ন্ত্ৰণ পৰ্যবেক্ষণ আৰু চিকিৎসা সঠিকভাৱে ঠিক কৰিবলৈ

– Lung Function Test (PEFR,Spirometry বা lung  oscillometry) কৰা হয়।

• দীঘলীয়া ভাবে ৰোগ নিয়ন্ত্রণ আৰু ঔষধৰ প্ৰয়োজন হ্ৰাস কৰিবলৈ

- Allergen Immunotherapy নিৰ্বাচিত এলাৰ্জিক ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে ।

ধন্যবাদ 
ডাঃ দ্বীৱন বৰা 
নগাঁও 
অসম

Comments

Adv.Bashirul

Posted on: August 10,2025

Thank you so much for giving good information..My child is at now in good condition after taking your suggestions as well medications..Thanx again

Add a Comment